Let’s Unite to Protect the Earth’s Natural Balance and Combat Global Warming
বাঁহ ভিত্তিক ইলেক্ট্ৰনিকছ -এক সেউজ বহনক্ষম প্ৰযুক্তি
Dr. Rajib Saikia, HOD, Department of Physics, Sibsagar University, PIN – 785665, Mobile – 9954135781
ইলেক্ট্ৰনিকছ বুলি কলে সাধাৰণতে চিলিকন, প্লাষ্টিক আৰু বিৰল ধাতুৰে নিৰ্মিত কিছুমান ইলেক্ট্ৰনিক সামগ্ৰী আৰু ইয়াৰ লগত জড়িত বৈজ্ঞানিকতত্ত্বৰ কথাকে মনলৈ আহে। এনেধাৰণা অহাটো অতি স্বাভাৱিক কাৰণ ৫ দশকতকৈও অধিক সময় ইলেক্ট্ৰনিক সামগ্ৰীৰ মূল উপাদান আছিল চিলিকন আৰু বিৰল ধাতু আধাৰিত ছেমিকণ্ডাক্টৰসমূহ। এই সামগ্ৰীসমূহে মানুহৰ জীৱন যাপনৰ স্তৰ যথেষ্ট উন্নত কৰিছে। কিন্তু ইয়াৰ লগত জড়িত এক গুৰুতৰ বিশ্বব্যাপী সমস্যা হৈছে ইলেক্ট্ৰনিক আৱৰ্জনা বা ই-আৱৰ্জনা। প্ৰতি বছৰে লাখ লাখ টন অব্যৱহৃত ইলেক্ট্ৰনিক সামগ্ৰীয়ে আৱৰ্জনা ৰূপত প্ৰকৃতিক প্ৰদূষিত কৰি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ই-আৱৰ্জনা হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা কঠিন আৱৰ্জনা।এনে আৱৰ্জনাত থকা সীহ, পাৰাৰ দৰে বিষাক্ত পদাৰ্থই শিশু আৰু গৰ্ভৱতী মহিলাৰ দৰে দুৰ্বল গোটক বিশেষভাৱে ক্ষতি কৰাৰ লগতে মানুহৰ মগজুৰ বিস্তৰ ক্ষতি কৰিব পাৰে।এনেপৰিৱেশতইলেক্ট্ৰনিকছউদ্যোগসমূহতসেউজআৰুবহনক্ষমপ্ৰথাগ্ৰহণৰতাৎক্ষণিকপ্ৰয়োজনীয়তাৰওপৰতগুৰুত্বআৰোপকৰাহৈছে। এই ধাৰণা ই সেউজ ইলেক্ট্ৰনিকছ নামৰ এক নতুন ক্ষেত্ৰৰ জন্ম দিছে। সেউজ ইলেক্ট্ৰনিকছ ব্যৱস্থাত ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ডিজাইন, প্ৰস্তুতি আৰুনিষ্পত্তি, এই প্ৰতিটো ঢাপতে সামগ্ৰীৰ পৰিৱেশৰ ওপৰত প্ৰভাৱৰ বিষয়ে অধ্যয় নকৰা হয়।লগতে ইয়াত গৱেষকসকলে শক্তি-দক্ষ, পুনৰ ব্যৱহাৰযোগ্য আৰু জৈৱ বিঘটনযোগ্য ইলেক্ট্ৰনিক সঁজুলি ডিজাইন কৰাৰ চেষ্টা কৰে।এই ব্যৱস্থাই পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰাত আৰু ইলেক্ট্ৰনিক সামগ্ৰী সমূহক সামগ্ৰিকভাৱে অধিক বহনক্ষম কৰি তোলাত সহায় কৰে।প্ৰয়োজনীয় কেঁচা সামগ্ৰী বিজ্ঞতাৰে বাছনি কৰাটো সেউজ ইলেক্ট্ৰনিকছৰ এক মৌলিক দিশ।আশাব্যঞ্জক কথাটো হ’লযে শেহতীয়া গৱেষণাই আমাৰ চিৰ পৰিচিত বাঁহক সেউজ ইলেক্ট্ৰনিকছৰ এক উৎকৃষ্ট কেঁচাসামগ্ৰী হিচাপে চিনাক্ত কৰিছে।
সেউজসোণখ্যাতবাঁহপৃথিৱীৰদ্ৰুতগতিতবৃদ্ধিপোৱাউদ্ভিদসমূহৰভিতৰতঅন্যতমআৰুএছিয়াৰবহুঠাইত, বিশেষকৈউত্তৰ-পূবভাৰততপ্ৰচুৰপৰিমাণেপোৱাযায়।বিশ্বতপোৱাবাঁহৰপ্ৰায়১২৫০ টাপ্ৰজাতিৰভিতৰতভাৰততপ্ৰায়১২০ টাপ্ৰজাতিআছে।ইয়াৰভিতৰত৩০টাপ্ৰজাতিবাণিজ্যিকভাৱেগুৰুত্বপূৰ্ণ।বৈজ্ঞানিকভাৱেবাঁহৰবিশেষত্বহ’লইয়াৰআভ্যন্তৰীণগঠন।অণুবীক্ষণিকদৃষ্টিতবাঁহহৈছেএকপ্ৰাকৃতিকভাৱেমিশ্ৰিতকেইবাটাওপদাৰ্থৰএকগঠন।ইয়াতপ্ৰধানকৈচেলুল'জ, হেমিচেলুল'জআৰুলিগনিননামৰপদাৰ্থকেইটাথাকে।চেলুল’জেদীঘলসূতাৰদৰেআঁহগঠনকৰেআৰুবাঁহকগাঠনিগতশক্তিপ্ৰদানকৰে।চেলুল'জৰএইআঁহবোৰথূপবাগোটহিচাপেবাঁহৰদৈৰ্ঘ্যৰদিশতসজোৱাথাকে।এনেগোটৰঘনত্ববাঁহৰবাহিৰৰআৱৰণৰফালেবেছিআৰুভিতৰৰফালেকম।সেইবাবেবাঁহৰবাহিৰভাগঅত্যন্তটানহোৱাৰবিপৰিতেভিতৰভাগতুলনামূলকভাৱেকোমল।হেমিচেলুল'জেআঁহবোৰৰচাৰিওফালেসংযোগকাৰীআধাৰবামেট্ৰিক্সহিচাপেকামকৰে।আনহাতেলিগনিনেপ্ৰাকৃতিকআঠাৰদৰেসকলোখিনিএকেলগেবান্ধিকঠোৰতাপ্ৰদানকৰে।বাঁহৰআঁহৰকোষদেৱালতএকাধিকস্তৰৰগাঁথনিথাকে।
চেলুল'জ সমৃদ্ধ বাঁহৰ আঁহবোৰ পাতল, শক্তিশালী আৰু নমনীয় প্ৰাকৃতিক পলিমাৰ আৰু ইয়াৰ পৰা স্বচ্ছ আৰু জৈৱবিঘটনযোগ্য ফিল্ম উৎপন্ন কৰিব পাৰি।এইচেলুল'জ আঁহবোৰক বিশেষ পদ্ধতিৰে নেন’ চেলুল'জলৈ (১ নেন’মিটাৰ = ১০-৯মিটাৰ) ৰূপান্তৰিত কৰি ইলেক্ট্ৰনিক চাৰ্কিট ছপা কৰা এক আধাৰ সৃষ্টি কৰিব পাৰে বুলি শেহতীয়াকৈ গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে। ইয়াৰ অৰ্থ হৈছে ভৱিষ্যতৰ ইলেক্ট্ৰনিক সঁজুলি সমূহত ইয়াক প্লাষ্টিকব’ৰ্ড ৰ ঠাইত ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।বাঁহৰআনএটামূল্যৱানউপাদানহৈছেকাৰ্বন।বাঁহকনিয়ন্ত্ৰিতঅক্সিজেন-মুক্তপৰিৱেশতগৰমকৰিলে (প্ৰক্ৰিয়াটোকপাইৰ’লাইচিছবুলিকোৱাহয়)ইছিদ্ৰযুক্তকাৰ্বনলৈৰূপান্তৰিতহয়।এইকাৰ্বনৰপৃষ্ঠভাগঅতিবৃহৎআৰুইকাৰ্য্যকৰীভাৱেবিদ্যুৎপৰিচালনাকৰিবপাৰে।এনেকাৰ্বনউৎকৃষ্টবৈদ্যুতিকপৰিবাহীআৰুসেইবাবেইয়াকবেটাৰীআৰুছুপাৰকেপেচিটাৰতইলেক্ট্ৰ'ডবাবিদ্যুদ্বাৰহিচাপেব্যৱহাৰকৰিবপাৰি।প্ৰকাশিতকিছুগৱেষণাফলাফলতদেখুওৱাহৈছেযেছিদ্ৰযুক্তগাঁথনিৰফলতআয়নবোৰসহজেচলাচলকৰিবপাৰেআৰুফলতইয়াৰচাৰ্জিংদ্ৰুতহয়আৰুদীঘলীয়াসময়ৰবাবেইয়াকব্যৱহাৰকৰিবপাৰি।সাধাৰণতেবজাৰতউপলব্ধবেটাৰীৰঋণাত্মকবিদ্যুদ্বাৰ (এন'ড)তপ্ৰায়েগ্ৰেফাইটবাকাৰ্বনথাকেআৰুধনাত্মকবিদ্যুদ্বাৰ (কেথ’ড)তলিথিয়ামক’বাল্টঅক্সাইড, লিথিয়ামআইৰণফছফেটবানিকেল-মেংগানিজঅক্সাইডৰদৰেধাতু-যৌগথাকে।এইপদাৰ্থবোৰই-আৱৰ্জনাৰঅন্যতমঅংশ।বাঁহৰকাৰ্বনইতিমধ্যেলিথিয়াম-আয়নবেটাৰীআৰুহাইব্ৰিডকেপাচিটাৰতপৰীক্ষাকৰাহৈছে।ইয়াৰফলাফলসমূহোওসন্তোষজনক।আশাকৰাহৈছেভৱিষ্যতেপাৱাৰবেংক, বৈদ্যুতিকচাইকেলআৰুসৰুসৌৰশক্তিসংৰক্ষণইউনিটবোৰতবাঁহৰপৰাআহৰণকৰাকাৰ্বন-বিদ্যুদ্বাৰৰব্যৱহৃতহ’ব।সম্প্ৰতিনেন’প্ৰযুক্তিৰগৱেষণাতোবাঁহককেন্দ্ৰবিন্দুহিচাপেলোৱাহৈছে। বিজ্ঞানীসকলেপোহৰপ্ৰকাশকৰিবপৰাকাৰ্বনকোৱাণ্টামডট্ বাবিন্দুসৃষ্টিকৰাতোসফলতালাভকৰিছে।এনেকোৱাণ্টামবিন্দুৰব্যৱহাৰসৌৰকোষ, এলইডিআৰুৰাসায়নিকসংবেদকসমূহতপৰীক্ষাকৰাহৈছে।
বাঁহভিত্তিকইলেক্ট্ৰনিকছৰআনএকআকৰ্ষণীয়প্ৰয়োগহৈছেছেন্সৰআৰুস্বাস্থ্যনিৰীক্ষণসঁজুলিসমূহত।চিকিৎসাসংবেদক, স্মাৰ্টকাপোৰৰদৰেপিন্ধিবপৰাপ্ৰযুক্তিৰবাবেনমনীয়ইলেক্ট্ৰনিকছক্ৰমান্বয়েগুৰুত্বপূৰ্ণহৈপৰিছে।পৰম্পৰাগতকঠোৰচাৰ্কিটব’ৰ্ডবোৰমানৱশৰীৰৰবাবেআৰামদায়কভাৱেনহয়। কিন্তুবাঁহৰপৰাউৎপন্ননেন’চেলুল’জফিল্মবোৰকোমলআৰুছাল-অনুকূল।গৱেষকসকলেবাঁহককেঁচাসামগ্ৰীহিচাপেলৈসৃষ্টিকৰাআৰ্দ্ৰতাসংবেদক, গেছসংবেদকআৰুআনকিহৃদস্পন্দননিৰীক্ষণসঁজুলিওবিকশিতকৰিছে।এইসঁজুলিসমূহেপৰিৱেশপ্ৰদূষণ, কৃষিক্ষেত্ৰতমাটিৰআৰ্দ্ৰতাবামানৱশৰীৰৰপৰাঅহাশাৰীৰিকসংকেতসঠিকভাৱেচিনাক্তকৰিবপাৰে।জৈৱবিঘটনশীলহোৱাবাবেএনেসংবেদকঅস্থায়ীভাৱেব্যৱহাৰকৰিবপাৰিআৰুব্যৱহাৰৰপিছতসুৰক্ষিতভাৱেনিষ্পত্তিকৰিবপাৰি।সংক্ৰমণপ্ৰতিৰোধকৰিবলৈব্যৱহাৰযোগ্যসঁজুলিৰপ্ৰয়োজনহোৱাচিকিৎসাপ্ৰয়োগতইবিশেষভাৱেমূল্যৱান।
বাঁহ-সম্পদসমৃদ্ধঅঞ্চলসমূহৰবাবেবাঁহভিত্তিকইলেক্ট্ৰনিকছৰগুৰুত্ববিশেষভাৱেপ্ৰাসংগিক।অসমকেধৰিউত্তৰ-পূবভাৰতেপ্ৰতিবছৰেবৃহৎপৰিমাণৰবাঁহউৎপাদনকৰে।কিন্তুইয়াৰবেছিভাগএতিয়াওকেৱলপৰম্পৰাগতউদ্দেশ্যৰবাবেব্যৱহাৰকৰাহয়।স্থানীয়সম্পদসমূহআধুনিকপ্ৰযুক্তিবিশেষকৈনেন'প্ৰযুক্তিৰসৈতেএকত্ৰিতকৰিবপাৰিলে ই গ্ৰাম্যঅৰ্থনীতিটনকীয়ালকৰাৰলগতেদেশৰঅৰ্থনীতিকলাভান্বিতকৰিব।
তথ্য উৎসঃ গৱেষণা আলোচনী Journal of Renewable Materials
ACS Applied Energy Materials
Carbohydrate Polymers (Elsevier)
[অসমীয়া প্ৰতিদিনৰ পৰিপূৰিকা সাদিন ০৩-০৫-২০২৬ ত প্ৰকাশিত]
Contact
priyanujkalita06@gmail.com
9101215409
